October 29, 2024 12:02 PM October 29, 2024 12:02 PM

views 9

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰত এটা পৰ্যায়তে হ'বলগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰিব। মনোনয়ন পত্রসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। ৪ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২০ নৱেম্বৰত ২৮৮ খন আসনৰ বাবে ৰাজ্যখনত ভোটগ্ৰহণ কৰা হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে, উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা বিজয় ৱাডেটিৱাৰে কালি মনোনয়ন পত্র দাখিল কৰে। ৰাজ্যখনৰ বন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সুধীৰ মুংগাতিৱাৰ...