November 24, 2024 11:11 AM

views 12

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি অভিহিত কৰিছে। নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি দলীয় কর্মীসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে নির্বাচনী ফলাফলক নেতিবাচক ৰাজনীতিৰ পৰাজয় আখ্যা দিয়ে। তেওঁ কয়, যে জনসাধাৰণে কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ নির্বাচনতো বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। তেওঁ লগত কয়, যে ইয়াৰ পৰা জনসাধাৰণে অকল উন্নয়নহে বিচাৰে সেয়া স্পষ্ট হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে দলৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ বাবে মহিলা, খেতিয়...

November 17, 2024 8:20 PM

views 15

২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন

মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত ৰাজ্যখনৰ ২৮৮খন আসনৰ বাবে ৪,১৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ৩,৭৭১গৰাকী হৈছে পুৰুষ প্ৰাৰ্থী আৰু ৩৬৩ গৰাকী হৈছে মহিলা প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ গৌৰৱময় ইতিহাসৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনতো মহিলা প্ৰতিনিধিৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। ১৯৫৭ চনৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে ৪৬১গৰাকী মহিলা নিৰ্বাচিত হৈছে আৰু তেওঁলোকে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰে...

November 10, 2024 6:06 PM

views 18

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ দলীয় ইস্তাহাৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত দলৰ আগশাৰীৰ নেতাসকলৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ সংকল্প-পত্ৰ প্ৰকাশ কৰে। ইস্তাহাৰ প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিজেপিৰ সংকল্পপত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হৈছে। সংকল্পপত্ৰত বিজেপিয়ে খৰাং অৱস্থামুক্ত মহাৰাষ্ট্ৰৰ বাবে জলসিঞ্চন প্ৰকল্প, নৈৰ গতিপথৰ পৰিৱৰ্তন ঘটোৱা আৰু বাৰিষাৰ অতিৰিক্ত পানী প্ৰয়োজনীয় স্থানলৈ বোৱাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলটোৱে লগতে পৰৱৰ্ত্তী ৫ বছৰত ১ কোটি কর্মসংস্থাপন সৃ...

November 10, 2024 12:00 PM

views 14

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰিব। শ্ৰী শ্বাহে লগতে বিদৰ্ভ অঞ্চলৰ জলগাঁও, বুলডেনা আৰু অমৰাৱতীত তিনিখন নিৰ্বাচনী সভা সম্বোধন কৰিব । ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেও আজি ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ বাবে মহাবিকাশ অঘাড়ি মিত্ৰজোঁটৰ ইস্তাহাৰ প্ৰকাশ কৰিব। এই অনুষ্ঠানত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল, দলৰ মহাৰাষ্ট্ৰৰ তত্বাৱধায়ক ৰমেশ চেন্নিথলা, মহাৰাষ্ট্ৰ প্ৰদেশ কমিটিৰ সভা...

October 20, 2024 8:10 PM

views 17

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৯৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

সমাগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৯৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। নাগপুৰ দক্ষিণ-পশ্চিম বিধানসভাৰ আসনৰ পৰা উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছে প্রতিদ্বন্দিতা কৰিব। আনহাতে, মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱানাকুলে কামথিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। জামনেৰৰ পৰা মন্ত্ৰী গিৰিশ মহাজনে প্রতিদ্বন্দিতা কৰাৰ বিপৰীতে বল্লাৰপুৰ বিধানসভা সমষ্টিৰ পৰা সুধিৰ মুংগান্তিৱাৰে প্ৰতিদ্বন্দিতা কৰিব। বিজেপিৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে প্রার্থীসকলৰ নাম অনুমোদন জনাইছে। অহা মাহৰ ২০...