June 12, 2025 7:38 PM June 12, 2025 7:38 PM

views 9

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উলহ-মালহেৰে পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে মহাপুৰুষজনাৰ জন্মভূমি লখিমপুৰৰ লেটেকুপুখুৰীত আজি পুৱাৰে পৰা নাম প্রসংগ, ঘোষা কীর্তন, ধর্মালোচনা সভাকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সত্ৰনগৰী মাজুলীতো কমলাবাৰী, বেঙেনাআটী, চামগুৰি ইত্যাদি সত্ৰসমূহত পৰম্পৰাগত সত্ৰীয়া নিয়মত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। যোৰহাট জিলাতো গুৰুজনাই প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত পুৱা ঊষা কীৰ্তন আৰু ভাগৱত যাত্ৰাৰে গুৰুজনাৰ জয়ন্তী...

May 24, 2024 11:42 AM May 24, 2024 11:42 AM

views 13

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰে দিনটো পালনৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য একশৰণ নামধৰ্মৰ প্ৰচাৰক, নিজৰ সৃষ্টিৰাজিৰে অসমৰ সমাজ জীৱনত অভূতপূৰ্ব সংস্কাৰ সাধন কৰা মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম একশৰণ ভাগৱতী সমাজৰ উদ্যোগত আজিৰেপৰা মৰিগাঁৱৰ বৰদল পালনাম থানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ঐতিহ্যমণ্ডিত থানখনত আজি পুৱা মাংগলিক পৰম্পৰাৰে গুৰু আসন প্রতিষ্ঠা কৰা হয়। একশৰণ ভাগৱতী সমাজৰ আচাৰ্য দেহেশ্বৰ...