February 9, 2025 8:04 PM

views 44

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লব

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা-যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্রিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বড়ে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্র মহাকুম্ভৰ দৃশ্যও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্রহণ কৰিব।

February 7, 2025 6:24 PM

views 21

মহাকুম্ভত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আজি সন্ধিয়া প্ৰয়াগৰাজৰ মহাকুম্ভত এটা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীসকলে এই অনুষ্ঠানত গীত-নৃত্য আৰু বিভিন্ন কলা পৰিবেশন কৰিব। ওডিচি নৃত্য শিল্পী চ'নাল মানসিং আৰু ডনা গাংগুলী, বিশিষ্ট গায়ক হৰিহৰণ, সুৰেশ ৱাডকাৰ, কবিতা কৃষ্ণমূৰ্তীকে ধৰি প্ৰসিদ্ধ শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰিব। এইবাৰৰ মহাকুম্ভ কেৱল ভক্তি আৰু বিশ্বাসৰ মহোৎসৱেই নহয় বৰং ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপেও বিবেচিত হৈছে। গংগা প...

February 2, 2025 12:26 PM

views 44

উত্তৰ প্ৰদেশৰ মহাকুম্ভ মেলাত ৰাজ্যৰ শিল্পীসকলৰ হস্তশিল্প আৰু কুটীৰ শিল্পজাত সামগ্ৰী প্ৰদৰ্শন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত ৰাজ্যৰ শিল্পীসকলে হস্তশিল্প আৰু কুটীৰ শিল্পজাত সামগ্ৰী প্ৰদৰ্শনৰ এখন শক্তিশালী মঞ্চ লাভ কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, কুম্ভমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন জিলা, এবিধ সামগ্ৰী প্ৰদৰ্শনীত ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শিত কৰা হৈছে। এই প্ৰদৰ্শনীত উত্তৰ প্ৰদেশৰ ভৌগোলিক সূচক জি আই টেগ লাভ কৰা ৭৫ বিধ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে।

January 29, 2025 11:46 AM

views 31

প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ হৈছে। মৌনী অমাৱশ্যাৰ ধৰ্মীয় গুৰুত্ব উল্লেখযোগ্য আৰু এই দিনটোত অমৃত স্নানক অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বৰ সৰ্ববৃহৎ ধর্মীয় সমাৱেশ হিচাপে স্বীকৃতিপ্রাপ্ত মহাকুম্ভ মেলা ১৩ জানুৱাৰীত আৰম্ভ হৈছে আৰু প্ৰথম অমৃত স্নান ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ দিনা সম্পন্ন হয়। উত্তৰ প্ৰদেশ চৰকাৰে সাতটা স্তৰৰ শক্তিশালী নিৰাপত্তা আঁচনি ৰূপায়ণ কৰাৰ লগতে মহাকুম্ভ মেলা এলেকাক যান-বাহন নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছে। জৰুৰীকালীন অৱস...

January 17, 2025 8:06 PM

views 18

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত সু-ব্যৱস্থা নিশ্চিতকৰণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই মহাকুম্ভৰ পেৰেড গ্ৰাউণ্ডত ১০০ খন বিছনাযুক্ত এখন চিকিৎ‍সালয় গঢ়ি তুলিছে। ইয়াৰ লগতে দেশী-বিদেশী ভক্তসকলৰ সুবিধা হোৱাকৈ মেলা অনুষ্ঠিত হোৱা অঞ্চলত আন দুখন হাস্পাতালৰো ব্যৱস্থা কৰা হৈছে। এই হাস্পাতালসমূহত বিনামূলীয়াকৈ সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি আকাশবাণীৰ প্ৰয়াগৰাজৰ সংবাদদাতাই প্ৰকাশ কৰিছে।