February 27, 2025 2:43 PM

views 31

নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকুম্ভক একতাৰ মহাযজ্ঞ বুলি অভিহিত কৰিছে। তেওঁ কয়, যে নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে দেশৰ ভৱিষ্যত ৰচনা কৰাৰ বাবে এয়া হৈছে ৰূপান্তৰৰ আৰম্ভণি। মহাকুম্ভত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰাটো কেৱল এটা অভিলেখেই নহয়, বৰঞ্চ ই শতিকা শতিকা জুৰি দেশৰ বৰ্ণাঢ্য ঐতিহ্য আৰু সংস্কৃতিৰ শক্তিশালী ভেটি স্থাপন কৰিলে। মহাকুম্ভৰ সফল সমাপ্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানম...

February 23, 2025 11:36 AM

views 51

প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমত বৰ্তমানলৈকে ৬০ কোটি ৭৪ লাখৰো অধিক ভক্তৰ পৱিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমত বৰ্তমানলৈকে ৬০ কোটি ৭৪ লাখৰো অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই প্রতিদিনে এই উৎসৱত অংশ লৈছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি সংগমত প্রায় ১ কোটি ৪৩ লাখ লোকে পৱিত্ৰ স্নান কৰে।

February 16, 2025 11:02 AM

views 25

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীক ৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কীমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাচনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু সম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় এহেজাৰটা চৰাই আছে। এই চৰাইবিধে নদী পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহাকুম্ভত এই উৎসৱৰ জৰিয়তে বিশ্বাস আৰু প্ৰকৃতি সংৰক্ষণৰ এক অনন্য বাৰ্তা দিব বিচৰা হৈছে। এই উৎসৱৰ নডেল বিষয়া ললিত বার্মাই কয়, য...

February 8, 2025 12:39 PM

views 23

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ মহাকুম্ভ মেলাত পেভেলিয়ন স্থাপন

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত এটা পেভেলিয়ন স্থাপন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই পেভেলিয়নটোত চৰকাৰী বিভিন্ন আঁচনি আৰু সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা সজ্জিত এখন আদৰ্শ গাঁৱৰ আৰ্হি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদৰ্শিত এই আদৰ্শ গাঁৱৰ পেভেলিয়নত বিদ্যালয়, পঞ্চায়ত ঘৰ, অংগনৱাড়ী, স্থায়ী বাসগৃহ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিয়োগৰ সুবিধা আদি বিষয়ত আলোকপাত ক...

February 7, 2025 6:24 PM

views 18

মহাকুম্ভত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আজি সন্ধিয়া প্ৰয়াগৰাজৰ মহাকুম্ভত এটা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীসকলে এই অনুষ্ঠানত গীত-নৃত্য আৰু বিভিন্ন কলা পৰিবেশন কৰিব। ওডিচি নৃত্য শিল্পী চ'নাল মানসিং আৰু ডনা গাংগুলী, বিশিষ্ট গায়ক হৰিহৰণ, সুৰেশ ৱাডকাৰ, কবিতা কৃষ্ণমূৰ্তীকে ধৰি প্ৰসিদ্ধ শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰিব। এইবাৰৰ মহাকুম্ভ কেৱল ভক্তি আৰু বিশ্বাসৰ মহোৎসৱেই নহয় বৰং ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপেও বিবেচিত হৈছে। গংগা প...

January 30, 2025 8:45 PM

views 24

উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানৰ মহাকুম্ভৰ সংগমঘাট পৰিদৰ্শন

উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব মনোজ কুমাৰ সিং আৰু আৰক্ষী সঞ্চালক প্রধান প্রশান্ত কুমাৰে আজি প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমঘাট পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত বিষয়া দুগৰাকীয়ে মেলা ক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মেলা বিষয়া বিজয় কিৰণ আনন্দ আৰু উপ-মহাপৰিদৰ্শক বৈভৱ কৃষ্ণই তেওঁলোকক সুৰক্ষা ব্যৱস্থাকে ধৰি অন্যান্য যাবতীয় বিষয় সন্দৰ্ভত অৱগত কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, মহাকুম্ভৰ সংগম ঘাটৰ সমীপৰ আখাৰা ক্ষেত্ৰত মৌনী অমাৱশ্যাৰ নিশা ভক্তৰ হেঁচাঠেলাত পদপিষ্ট হৈ কমেও ৩০ ...

January 29, 2025 12:55 PM

views 24

ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল কাইলৈ প্ৰয়াগৰাজলৈ ৰাওনা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা দেশৰ অন্যতম ধর্মীয় মহোৎসৱ মহাকুম্ভ মেলালৈ কাইলৈ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল ৰাওনা হ'ব। দলটোৱে কুম্ভমেলাত মাজুলী সত্ৰীয়া পৰিবেশ আৰু সত্ৰিয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰামবিজয় নাট পৰিবেশন কৰিব। ইয়াৰ লগতে আউনীআটী সত্ৰৰ অপ্সৰা নৃত্য, ভাগৱত ব্যাখ্যা আৰু হীৰা নামো দলটোৱে পৰিবেশন কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎস...

January 13, 2025 10:34 AM

views 20

প্ৰয়াগৰাজৰ কুম্ভমেলাত দেশৰ লাখ লাখ ভক্তৰ অংশগ্ৰহণ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি পুহ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অমৃত স্নান ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ লাখ লাখ ভক্ত উপস্থিত হৈছে। চৰকাৰেও নিঃশ্চিদ্ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ২৬ দৰ্শনাৰ্থী প্ৰয়াগৰাজত এই মহাকুম্ভ ২০২৫ চনৰ বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক আৰু আধ্যাত্মিক সমাৱেশ হ'ব। এই সমাৱেশত ৪৫ কোটিৰো অধিক ভক্তই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰে'ল বিভাগেও এই মহাকুম্ভৰ বাবে ৩০০ খন বিশেষ ৰে'লকে ধৰি ১০ হাজাৰৰো অধিক ৰে'লগাড়ী চলাচল কৰোৱাৰ ব্যৱস্থা...