February 3, 2025 12:17 PM
10
প্ৰয়াগৰাজৰ মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান আৰম্ভ
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে। এই অমৃত স্নান মহাকুম্ভৰ অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ ধৰ্মীয় আচাৰ বুলি গণ্য কৰা হয়। যোৱা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথমবাৰ অমৃত স্নান হোৱাৰ পাছত যোৱা ২৯ জানুৱাৰীত মৌনী অমাৱস্যা উপলক্ষে দ্বিতীয় অমৃত স্নান সম্পন্ন হৈছিল। মহাকুম্ভৰ মুঠ ১৩টা আখৰাত তৃতীয় অমৃত স্নান সন্দৰ্ভত সময়সূচী, নিৰ্দেশনা দিয়া হৈছে। মহানির্বানী পঞ্চায়তী আখৰা আৰু শম্ভু পঞ্চায়তী অটল আখৰাই আজি পুৱা ত্রিবেণী সংগমত প্রথম ...