April 10, 2025 6:53 PM April 10, 2025 6:53 PM
13
ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন
আজি মহাবীৰ জয়ন্তী। ২৪ সংখ্যক তথা শেষৰ জন জৈন তীর্থংকৰ ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বীলোকসকলৰ বাবে এই দিনটো অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে জৈন ধৰ্মাৱলম্বী লোকসকললৈ ওলগ জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী মোদীয়ে কয়, যে প্রভু মহাবীৰৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক অনুপ্ৰাণিত কৰি আহিছে। জৈন সম্প্ৰদায়ৰ লোকসকলে মহাবীৰৰ ৰচনাসমূহক সুন্দৰভাৱে সংৰক্ষিত কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদ...