November 20, 2024 11:51 AM November 20, 2024 11:51 AM

views 5

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণো আৰম্ভ হৈছে। বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। অৱশ্যে সুৰক্ষাজনিত কাৰণত ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত ৩১টা সমষ্টিত বিয়লি ৪ বজালৈকে ভোটগ্রহণ কৰা হ'ব। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে মুঠ ৪ হাজাৰ ১৩৬ গৰাকী প্ৰতিদ্বন্দ্বী নির্বাচনী যুঁজত অৱতীৰ্ণ ...