June 10, 2025 1:10 PM

views 14

মেঘালয়ৰ গোৰবান্ধত আজি পুৱা দুখন যাত্রীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্রী আহত

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰাজাবালা থানা এলেকাৰ অধীনৰ গোৰবান্ধত আজি পুৱা দুখন যাত্রীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্রী আহত হয়। পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে এখন নৈশ বাছ আৰু মানকাচৰৰ পৰা গোৱালপাৰালৈ গৈ থকা বাছ দুখনৰ মাজত মুখামুখি সংঘর্ষ হয়। এই দুৰ্ঘটনাত গোৱালপাৰালৈ গৈ থকা বাছখনৰ চালকসহ কেইবাগৰাকী যাত্ৰী আহত হয়। আহতসকলক তাৎক্ষণিকভাবে নিকটৱৰ্তী জেল্দুপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। ইয়াৰে এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি আমাৰ সংবা...