January 22, 2026 12:36 PM

views 15

দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন

দেউৰী জনগোষ্ঠীৰ লোকসকলে আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন কৰিছে। জনগোষ্ঠীটোৰ বসতিপ্ৰধান ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ পূব চিৰাম দেউৰী, পশ্চিম চিৰাম দেউৰী আৰু মাজৰ দেউৰী গাঁৱৰ লোকসকলে উলহ-মালহেৰে বিহু পালন কৰিছে। পূব চিৰাম গাঁৱৰ দেউৰী ৰাইজে সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত কালি উৰুকাৰ নিশা ভোজ-ভাত খাই আজি পুৱতি নিশা পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নি সংযোগ কৰা হয়। গাঁৱৰ ৰাইজে সমূহীয়াকৈ অগ্নি সেৱা কৰি আশীৰ্বাদ লয়।

January 12, 2026 12:30 PM

views 112

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি

কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আর্হিবে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা, জা-জলপান প্ৰস্তুত কৰিছে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত অনুষ্ঠিত অ...

January 9, 2026 12:28 PM

views 24

ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ ভিন্ন অংশত ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে । গ্ৰামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰে পৰা তিনি দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ...

January 11, 2025 7:24 PM

views 35

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। উদ্ভিদ আৰু বন্য প্রাণী সুৰক্ষাৰ বাবে এই অভয়াৰণ্যসমূহত যিকোনো ধৰণৰ সামুহিক কার্যকলাপ, ৫ জন বা ততোধিক লোকৰ উপস্থিতি আৰু মাছধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্...

January 9, 2025 8:37 PM

views 33

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত

অসমবাসীৰ বাপতিসাহোন ভোগালী বিহুলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিগত দুদিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা শীতৰ প্ৰকোপকো নেওচি জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। একেদৰে ডেকাসকল মেজি, ভেলাঘৰ সাজি উলিৱাইছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে আটকধুনীয়াকৈ মেজি সজাও দেখা গৈছে। ভোগালী বিহুৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ সিদ্ধিনাথ শৰ্মা ভৱনত আয়োজিত...

January 7, 2025 8:10 PM

views 43

ৰাজ্যত ভোগালী বিহুৰ প্রস্তুতি আৰম্ভ

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্রস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত চেৱাগুৰি সাধনী উদ্যানত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰা এই ভোগালী মেলাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। এই মেলাত সমষ্টিটোৰ অন্তর্গত ২০ টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। প্ৰতিবছৰে আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰ...