October 3, 2025 12:16 PM

views 31

ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত মধ্যপ্ৰদেশত ১০ গৰাকী লোকৰ মৃত্যু

মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ জামলি গাঁৱৰ এখন সৰু দলঙৰ পৰা এখন ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। দেৱী দুৰ্গাৰ প্ৰতিমা বিসর্জন দি উভতি অহাৰ সময়তেই এই দূর্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰখনত মুঠ ১৪গৰাকী ভক্ত আছিল। নিশা বহু দেৰীলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰখা হয়। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজেও ততপৰতাৰে উদ্ধাৰ অভিযানত জড়িত হৈ থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুর্ঘটনাক কেন্দ্র কৰি গভীৰ শোক প্রকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আহতসকলৰ আশু আৰো...