March 19, 2025 6:49 PM

views 20

মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাতাটিলা বান্ধত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাতাটিলা বান্ধত কালি সন্ধিয়া এখন নাও ডুব যোৱাৰ পাছৰেপৰা সন্ধানহীন হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। সন্ধানহীন ১৫ জনৰ ভিতৰত ৮ জন লোকক কালি নিৰাপদে উদ্ধাৰ কৰা হয় আৰু ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই লোকসকলে নাৱেৰে মাতাটিলা বান্ধৰ জলাশয়ত থকা এটা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

January 29, 2025 12:30 PM

views 18

কৃষি উন্নয়ন আঁচনিৰ অধীনত মধ্য প্ৰদেশত ৩০০০ ৰো অধিক সমল কেন্দ্ৰ স্থাপন

মধ্য প্ৰদেশত জৈৱিক কৃষিৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধি পাইছে। ৰাজ্যখনত দেশৰ ভিতৰতে সৰ্বাধিক ১৫ লাখ ৯২ হাজাৰ হেক্টৰ ভূমিত জৈৱিক পদ্ধতিৰে খেতি কৰা হয়। কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পৰম্পৰাগত কৃষি উন্নয়ন আঁচনিৰ অধীনত মধ্য প্ৰদেশত ৩ হাজাৰৰো অধিক সমল কেন্দ্ৰ স্থাপন কৰা হৈছে। মধ্য প্ৰদেশ চৰকাৰৰ কৃষি বিভাগে জনোৱা অনুসৰি ৰাজ্যখনৰ মুঠ খেতিৰ মাটি প্রায় ডেৰ কোটি হেক্টৰ। ৰাজ্যখনত প্ৰতি বছৰে প্ৰায় ১৫ লাখটন জৈৱিক কৃষি সামগ্ৰী উৎপাদন কৰা হয়। ইয়াৰে ৫ লাখ টনতকৈ অধিক কৃষি সামগ্...

November 4, 2024 12:32 PM

views 19

বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ২৫ লাখ টকালৈ বৃদ্ধি মধ্য প্ৰদেশ চৰকাৰৰ

মধ্য প্ৰদেশ চৰকাৰে বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ৮ লাখ টকাৰ পৰা ২৫ লাখ টকালৈ বৃদ্ধি কৰিছে। ৰাজ্যখনৰ উমাৰিআ জিলাৰ বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ এদিন পাছত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী মোহন য়াদৱে সদৰী কৰা অনুসৰি উমাৰিআত বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোক দুগৰাকীৰ পৰিয়ালে বর্ধিত ক্ষতিপূৰণ ২৫ লাখ টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে এদিন পূৰ্বে ধৰা এটা হাতীৰ আক্ৰমণত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলটো...

August 4, 2024 7:55 PM

views 23

মধ্যপ্ৰদেশৰ সাগৰ জিলাত মন্দিৰৰ বেৰ খহি ৯ টি শিশুৰ মৃত্যু

মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰৰ বেৰ খহি পৰাৰ ফলত ৯ টি শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। শাহপুৰৰ হাৰদৌল বাবা মন্দিৰত এটা ধৰ্মীয় অনুষ্ঠান চলি থকাৰ মাজতে এই দুর্ঘটনাটো সংঘটিত হয়। আহত শিশুসকলৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদবেও এই ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে নিহত শিশুসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

April 12, 2024 5:12 PM

views 24

মধ্যপ্ৰদেশত এতিয়ালৈ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ

মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচন আয়োগৰ দলে এমাহতকৈও কম সময়ৰ ভিতৰত ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ কৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে সদৰী কৰা অনুসৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ পাছৰে পৰা এতিয়ালৈকে ১০৩ কোটি ৩৩ লাখ টকা মূল্যৰ বিভিন্ন সামগ্রী জব্দ হৈছে। ইয়াৰ ভিতৰত ১৩ কোটি ৭৭ লাখ নগদ ধন, ২৪ কোটি ৬৪ লাখ টকাৰ সুৰা আৰু ১৯ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী অন্যতম। ইয়াৰ সমান্তৰালকৈ চি...