December 24, 2024 8:31 PM December 24, 2024 8:31 PM
5
কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ
সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ সাহিত্যৰ যোগেদি অসমৰ জনসাধাৰণক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ ভাস্কৰ বুলি অভিহিত কৰি ড০ গোস্বামীয়ে ৰাজ্যৰ সকলো ভকত-বৈষ্ণৱক মহাপুৰুষগৰাকীৰ মহাপ্ৰয়াণৰ স্থান ...