September 12, 2025 8:27 PM September 12, 2025 8:27 PM
8
ৰাজ্যৰ ভিন্ন স্থানত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন
ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি শ্ৰদ্ধা-ভক্তিৰে পালন কৰা হৈছে। তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত ভাগৱত পাঠ, নাম-প্ৰসংগ অনুষ্ঠিত হয়। তিৰোভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ, সত্ৰত পুৱাৰ পৰাই ভকত-বৈষ্ণৱ সমবেত হৈ নাম-প্ৰসংগ কৰে । শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকু পুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰ নগৰী মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেউলীয়া হাটী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘ...