August 22, 2024 11:34 AM

views 20

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট বন্ধৰ দিন ঘোষণা

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বন্ধৰ দিন কাইলৈ অৰ্থাৎ ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট ধার্য কৰা হৈছে। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা চৰকাৰী বন্ধৰ তালিকাত কাইলৈ অৰ্থাৎ ২৩ আগষ্টৰ দিনটো শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে উল্লেখ কৰা হৈছিল যদিও কালি এই বন্ধ ২৪ আগষ্ট, শনিবাৰে হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে।