December 21, 2024 8:35 PM
15
মদন বি লকুৰক ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰক ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৪ বছৰৰ বাবে লকুৰক নিযুক্তি প্ৰদান কৰা হৈছে। তেওঁৰ কাৰ্যকাল ২০২৮ চনৰ ১২ নৱেম্বৰত সামৰণি পৰিব। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে ন্যায়াধীশ লকুৰক নিযুক্তি প্ৰদান কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্রতিষ্ঠা কৰা আভ্যন্তৰীণ ন্যায় পৰিষদে ৰাষ্ট্ৰসংঘৰ ন্যায়িক ব্যৱস্থাত স্বাধীনতা, স্বচ্ছতা আৰু পেছাদাৰিত্ব সুনিশ্চিত কৰিব। ন্যায়াধীশ মদন বি লকুৰে ছব...