August 1, 2025 11:17 AM

views 17

মাকা’ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে মাকা' অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত কালি তৰুণ মন্নেপল্লিয়ে হংকঙৰ লি ছেউক য়ুক ১৯-২১, ২১-১৪, ২২- ২০ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তৰুণ আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ হু ঝে এনৰ সন্মুখীন হ'ব। একেদৰে লক্ষ্য সেনে ইন্দোনেছিয়াৰ চিকো আৰা দ্বি ৱাৰৰ্ডোয়োক ২১-১৪, ১৪-২১, ২১-১৭ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ ঝু ঝে ঝুআনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষৰ ডাবলছত ...

July 30, 2025 12:28 PM

views 10

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টী দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

ভাৰতৰ স্বাতিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো চলিত বৰ্ষৰ মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডত ভাৰতৰ যুটীটোৱে মালয়েছিয়াৰ ল’ হাং য়ি আৰু এং চিৰঙৰ যুটীটোক ৩৬ মিনিটৰ খেলত ২১-১৩, ২১-১৫ গেমত পৰাস্ত কৰে।অৱশ্যে ইয়াৰ পূৰ্বে কালি মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ত্ৰিয়া জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো চীনা টাইপেইৰ লীন ঝিয়াও মিন আৰু পেং য়ু ৱেইৰ বিৰুদ্ধে ২১-১৬, ২০-২২, ১৫-২১ গেমত পৰাজিত হয়।