March 5, 2025 12:48 PM

views 15

অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন কৰা হৈছে। সেইদিনা ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আদালত চৌহদত লোক আদালত অনুষ্ঠিত কৰা হ'ব। অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত সৰু-সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, বুজাবুজি আৰু সমিলমিলৰ মাজেৰে সমাধান কৰা হ'ব। ডিব্ৰুগড় জিলা আইনী প্ৰাধিকৰণৰ সচিবে এই লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। হোজাইতো ৮ মাৰ্চত লোক আদালতৰ আয়োজন কৰা হৈছে।