April 4, 2025 6:10 PM April 4, 2025 6:10 PM

views 10

সন্ধিয়া ৭.৩০ বজাত আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছান ৰাইজাৰ্ছ হায়দাবাদক ৮০ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দাবাদে ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে কৰিবলৈ সমৰ্থ হয়।