April 15, 2025 2:26 PM

views 41

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত সংঘটিত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰণাধীন

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা সংঘটিত অগ্নিকাণ্ডৰ পাছত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু বৰ্হিৰোগ বিভাগৰ চিকিৎ‍সা সেৱাৰ কাম পুনৰ আৰম্ভ হৈছে। চিকিৎ‍সালয়খনৰ সঞ্চালক সংগীতা গুপ্তাই প্ৰকাশ কৰা অনুসৰি বৰ্হিৰোগ বিভাগৰ সকলো চিকিৎসকে বর্তমান ৰোগীক চোৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ দ্বিতীয় মহলাত যোৱা নিশা আকস্মিকভাৱে জুই লগাৰ পাছত সংকটজনক অৱস্থাত থকা ৰোগীসকলৰ উপৰি ২০০ৰো অধিক ৰোগীক বাহিৰলৈ উলিয়াই অনা হয়। লক্ষ্ণৌৰ সংবাদদাতাই প্ৰকাশ কৰা মতে বহু ৰোগীক বলৰামপ...

April 15, 2025 12:46 PM

views 25

লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হাহাকাৰ পৰিস্থিতি

লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। হাস্পতালখনৰ দ্বিতীয় মহলাত আকস্মিকভাৱে জুই লগাত ৰোগী আৰু কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো বাহন হাস্পতালখনত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। প্ৰশাসনৰ তৎপৰতাত সংকটজনক অৱস্থাত থকা সকলৰ লগতে ২০০ৰো অধিক ৰোগীক হাস্পতালখনৰ বাহিৰলৈ উলিয়াই অনা হয়। নিশাতেই ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী ব্রজেশ পাঠক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ প্ৰতিটো দিশ চোৱাচিতা কৰে। মুখ...