May 14, 2024 8:34 PM

views 21

এল টি টি ইৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতাৰ ম্যাদ আৰু ৫ বছৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এল টি টি ইৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতাৰ ম্যাদ আৰু ৫ বছৰ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰালয়ে এখন অধিসূচনাযোগে কৈছে যে, এল টি টি ইৰ কাৰ্যকলাপ এতিয়াও দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতালৈ ভাবুকিস্বৰূপ হৈ থকালৈ চাই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ মে’ত এল টি টি ই এটা বেআইনী সংগঠনৰূপে ঘোষণা কৰিছিল আৰু সংগঠনটোৰ বিৰুদ্ধে ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল।