October 14, 2024 12:21 PM

views 13

আই-পি-ইউৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জেনেভাত উপস্থিত ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্রতিনিধি দলটোৱে আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱানিশা জেনেভাত উপস্থিত হয়। শ্রীবিৰলাই সামাজিক মাধ্যম যোগে কয় যে, তেওঁ বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্ভত ভাষণ দিব। তেওঁ লগতে আন্তঃসংসদীয় সংঘৰ পৰিচালনা পৰিষদৰ বৈঠকত ভাগ ল'ব আৰু আজি জেনেভাত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। ইয়াৰ উপৰি তেওঁ বৈঠকত ভাগ লোৱাৰ সুযোগতে অন্য দেশত সংসদৰ অধ্যক্ষ সকলকো দেখা কৰিব...