December 20, 2024 12:05 PM

views 11

সংসদ ভৱনৰ প্ৰৱেশদ্বাৰত ধৰ্ণা-বিক্ষোভত নিষেধাজ্ঞা জাৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

সংসদ ভৱনৰ কোনো প্ৰৱেশদ্বাৰত কোনো ৰাজনৈতিক দল, সাংসদ অথবা সাংসদৰ দলে ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰিব নোৱাৰিব বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিছে। কালি সংসদ ভৱনৰ চৌহদত প্ৰতিবাদৰ সময়ত কংগ্ৰেছ আৰু বিজেপি সাংসদসকলে ইজনে- আনজনক ঠেলি দিয়াৰ ফলত দুজন সাংসদ আহত হোৱাৰ লগতে চিকিৎ‍সালয়ত ভৰ্তি হোৱাৰ পাছতে এই নিৰ্দেশ জাৰি কৰা হৈছে।