July 30, 2025 12:20 PM

views 18

লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বৰ কোনো নেতাই ভাৰতক এই অভিযান বন্ধ কৰিবলৈ কোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেঁচাত পাকিস্তানৰ সৈতে সংঘৰ্ষ বিৰামৰ বাবে দেশে সন্মতি প্ৰদান কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰাৰ সময়তে প্রধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ কয়, যে পাকিস্তানী পক্ষই আৰু অধিক কষ্ট সহ্য কৰিব নোৱাৰি বুলি ভাৰতক এই অভিযান বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। শ্রীমোদীয়ে কয়, যে যদ...