April 4, 2024 11:28 AM

views 31

আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

♦ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। এই পৰ্যায়ত আউটাৰ মণিপুৰৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। আউটাৰ মণিপুৰ সমষ্টিৰ কিছু অংশৰ বাবে প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত সামৰিব ল'বলগীয়া সমষ্টি কেইটাৰ ভিতৰত কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপ...

April 3, 2024 8:55 PM

views 24

শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা

নির্বাচন আয়োগে অবৈধ সুৰা, নগদ ধন, মাদক দ্রব্য, অস্ত্ৰ শস্ত্ৰ আৰু উপঢৌকনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে আন্তৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত চোকা নজৰ ৰাখিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানসকলক নির্দেশ দিছে। আয়োগে লগতে তেওঁলোকক শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। নির্বাচন আয়োগে আজি নতুন দিল্লীত আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা আৰু মূল্যায়নৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। আয়োগে...

April 3, 2024 8:30 PM

views 27

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্রস্তুতি তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল'গান গা...

April 3, 2024 6:08 PM

views 52

ভোটাৰ সজাগতাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত শুভংকৰ মুকলি

♦ তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল’গান গাঁৱে- ভূঁঞে বিয়পাবলৈ আহ্বান জনাইছে। Read More News : তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃত...

April 3, 2024 1:57 PM

views 49

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

♦ ৰাজ্যত অহা ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কালি ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াকেলৈ এই পৰ্যায়ৰ বাবে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা ১১ লৈ বৃদ্ধি পাইছে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী কৃপানাথ মল্লাই আজি মনোনয়ন দাখিল কৰিব। প্ৰাৰ্থী মল্লাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সংগ দিব। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ সৈতে সংগতি ৰাখি কৰিমগঞ্জ জিলা বিজেপিৰ উদ্যোগত কৰিমগঞ্জ মহাবিদ্যালয...

April 3, 2024 11:54 AM

views 68

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

♦ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰা অৱস্থাত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছকে ধৰি বিৰোধী তথা অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। ইফালে, বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰেই ৰাজ্যখনত নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ হৈ দলৰ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মন্ত্ৰী স্মৃতি ইৰাণী আ...

April 2, 2024 8:27 PM

views 42

লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কংগ্ৰেছৰ

◊ কংগ্ৰেছে আজি সমাগত লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰে। কাকিনাদা লোকসভাৰ আসনৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এম পল্লম ৰাজুৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী ৱাই এছ শর্মিলা ৰেড্ডীয়ে কদাপা আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব আৰু বাপটলা লোকসভা আসনৰ পৰা দলৰ নেতা জে ডি ছিলামে প্রতিদ্বন্দ্বিতা কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তাৰিক আনোৱাৰে বিহাৰৰ কাটিহাৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে আমিৰ চান্দ নায়কে ওড়িশাৰ কান্ধামাল লোকসভা আসনৰ...

April 2, 2024 7:47 PM

views 20

কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা

♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বিজয় সংকল্প যাত্ৰাত অংশ লয়। এই সভাত বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিটিআৰৰ মুৰববী প্রমোদ বড়োৱেও অংশগ্ৰহণ কৰে। https://x.com/himantabiswa/status/1775081200681427404?s=20 মুখ্য...

April 2, 2024 7:48 PM

views 20

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ডিফু সমষ্টিৰ বাবে আজি বিজেপি প্রার্থী অমৰ সিং তিছোৱে মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীৰ্গৰাকীয়ে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ ৰিটার্ণিং বিষয়া মথুমিতা ভাগৱতীৰ হাতত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোচাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে...

April 2, 2024 11:53 AM

views 82

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত কালি তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। Read More News : অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী এই অধিসূচনা অনুসৰি প্ৰথম পৰ্যায়ত নির্বাচন হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীবাজ ...