January 2, 2026 11:47 AM January 2, 2026 11:47 AM

ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্টীকৰণ পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ

পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ১১১ টকা বৃদ্ধি কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে মন্ত্র্যালয়ে এইদৰে স্পষ্টীকৰণ দিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বজাৰৰ ভিত্তিত নির্ধাৰিত হয় আৰু এই মূল্য নির্ধাৰণৰ প্ৰক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় বেঞ্চমার্কৰ সৈতে জড়িত।