July 9, 2024 7:34 PM July 9, 2024 7:34 PM
9
কোম্পানীয়ে এল পি জি গ্ৰাহকৰ বাবে e-KYC আধাৰ প্ৰমাণীকৰণৰ কাম হাতত লৈছে : মন্ত্ৰী হৰদীপ সিং পুৰী
কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে তেল বিপণন কোম্পানীসমূহে এল পি জি গ্ৰাহকৰ বাবে e-KYC আধাৰ প্ৰমাণীকৰণৰ কাম হাতত লৈছে যাতে ভুৱা গ্ৰাহকক আঁতৰাই পেলাব পাৰি, যাৰ নামত বাণিজ্যিক চিলিণ্ডাৰ প্ৰায়ে কিছুমান বিশেষ গেছ বিতৰকে বুকিং কৰে। শ্ৰী পুৰীয়ে কয়, এই প্ৰক্ৰিয়াটো ৮ মাহতকৈও অধিক সময় ধৰি চলি আছে। কেৰালাৰ বিৰোধী দলপতি ভি ডি সাথিছানে গেছ এজেন্সীত এল পি জি পুনৰীক্ষণে সাধাৰণ লোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰা বুলি দাবী কৰা এখন পত্ৰৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে এই ...