January 14, 2025 2:25 PM

views 22

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ৮৯ হাজাৰ লোকক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ কৰ্তৃপক্ষই নির্দেশ দিছে। লছ এঞ্জেলছৰ বিভিন্ন অংশলৈ বিয়পি পৰা এই বনজুইত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে খৰাং বতৰ আৰু প্ৰৱল বতাহৰ বাবে যোৱা ৭ জানুৱাৰীত সূত্ৰপাত হোৱা বনজুই লছ এঞ্জেলছ কাউন্ট্ৰিৰ ৪০ হাজাৰ ৫০০ একৰ ভূমিলৈ বিয়পি পৰাৰ ফলত ১২ হাজাৰৰো অধিক আন্তঃগাঁঠনি জুইত জাহ গৈছে। ...