January 12, 2025 11:24 AM

views 16

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত লগা বন জুই অঞ্চলটোৰ প্ৰায় ৩৮,২৭৬ একৰলৈ বিয়পি পৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত লগা বন জুই অঞ্চলটোৰ ইটন, HURST, কেনেথ আৰু পালিছেডছৰ প্ৰায় ৩৮,২৭৬ একৰলৈ বিয়পি পৰিছে। অৱশ্যে আন দুটা স্থানত লগা বনজুই নিয়ন্ত্রণ কৰা হৈছে। এই বনজুইৰ ফলত এতিয়ালৈ কমেও ১১ জন লোকৰ মৃত্যু হৈছে আৰু ১৩ জন সন্ধানহীন হৈ আছে। ১২ হাজাৰতৈক অধিক বাসগৃহ আৰু আন আন সম্পত্তি এই জুইত জাহ গৈছে। পূব দিশলৈ আগবঢ়া পালিছেডছৰ বনজুৱে আন অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। অগ্নি নির্বাপক বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে পালিছেডছৰ বনজুইৰ ফলত ২১ হাজাৰ একৰ ভূমি ক্ষতিসাধন হৈছে।