January 9, 2025 4:27 PM January 9, 2025 4:27 PM
16
লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইৰ ফলত ৫জন লোকৰ মৃত্যু
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াৰ লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ আন্তঃগাঁথনিৰ জুইত জাহ যায়। অঞ্চলসমূহৰ পৰা ৭০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিদায়ী ৰাষ্ট্ৰপতি জ' বাইডেনে তেওঁৰ ইটালীৰ অন্তিমটো বিদেশ ভ্ৰমণ বাতিল কৰে। লছ এঞ্জেলছত যোৱা বুধবাৰে সূত্ৰপাত হোৱা এই বনজুইয়ে আঢ্যৱন্ত এলেকা পেচিফিক পেলিচেদচকে ধৰি অনান্য অঞ্চললৈ বিয়পি পৰে। বনজুইয়ে এহেজাৰৰো অধিক সম্পত্তিৰ বিস্তৰ ক্ষতিসাধ...