September 30, 2025 6:31 PM

views 34

লণ্ডনৰ টাভিছটক স্কোৱেৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ভাঙি পেলায়

গান্ধী জয়ন্তী উদযাপনৰ মাত্ৰ দুদিন পূৰ্বে লণ্ডনৰ টাভিছটক স্কোৱেৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ভাঙি পেলায়। এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো ভাৰত বিৰোধী দেৱাল লিখনৰ মাজত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটোত লণ্ডনত থকা ভাৰতৰ উচ্চায়ুক্তই কঠোৰ ভাষাৰে গৰিহণা দিছে। উচ্চায়ুক্তৰ কাৰ্যালয়ে এই ঘটনাক নিন্দা কৰি এয়া শান্তি আৰু অহিংসাৰ আদৰ্শত আক্ৰমণ হিচাপে অভিহিত কৰে। লণ্ডন আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰতি বছৰে দুই অক্টোবৰত গান্ধী জয়ন্তীত এই মূৰ্তিটোৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠ...