December 30, 2024 6:24 PM

views 11

নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত নয়নমণি শ‍ইকীয়াই সোণৰ পদক অৰ্জন

সম্প্ৰতি চলি থকা নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতা আৰু পঞ্চম ২৫ বছৰ অনুদ্ধ প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে উৎকৃষ্ট প্রদর্শন আগবঢ়াইছে। প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাত নয়নমণি শ‍ইকীয়াই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পুৰুষৰ দ্বৈত শাখাত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰিছে। পুৰুষৰ ত্ৰিপল শাখাত পুতুল সোণোৱাল, বিতোপন ৰাভা আৰু জয়ন্ত শৰ্মাই সোণৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ ৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত অসমৰ জীনা বৰুৱা, তৃষ্ণা গগৈ, পম্পী বৰুৱা আৰু কৰিনা পাটোৱাৰীয়ে উত্তৰাখণ্ডত...