December 14, 2024 8:08 PM

views 22

লোকসভাত সোমবাৰে এক দেশ, এক নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ’ব

লোকসভাত অহা সোমবাৰে এক দেশ, এক নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। শেহতীয়াকৈ, চৰকাৰে সমগ্ৰ দেশতে একে সময়তে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে এক দেশ এক নির্বাচন ব্যৱস্থা সন্দৰ্ভত বিচাৰ বিবেচনাৰ বাবে গঠন হোৱা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা এই উচ্চ পৰ্যায়ৰ সমিতিখনে ৰাজনৈতিক দ...