July 25, 2024 10:45 AM

views 18

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা

লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কর্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে, দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেতৃগৰাকীয়ে অগ্নীবীৰ আঁচনিখনক লৈ চৰকাৰক সমালোচনা কৰে আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। চৰকাৰে বাজেটত খেতিয়ক আৰু শ্ৰমিকসকলক আওকান কৰা বুলি তেওঁ অভিযোগ তোলে। সা...