July 2, 2024 8:39 PM

views 23

ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজৰ জাননী

বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজে আজি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত এখন জাননী দিয়ে। সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছৰ আজি সাংসদগৰাকীয়ে জাননী দিয়াৰ লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত বহু ভুল বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে গান্ধী কিছু বক্তব্য তথ্যগতভাৱে ভুল আৰু বিপথে পৰিচালিত কৰাৰ প্ৰকৃতিৰ। সেয়েহে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷ ইপিনে, ৰাহুল গান্ধ...

July 2, 2024 8:26 PM

views 19

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্ন সদনত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। তেওঁ কয় যে জনসাধাৰণে লোকসভা নিৰ্বাচনত সুস্থিৰতা আৰু ধাৰাবাহিকতাৰ হকে জনাদেশ দিছে আৰু তেওঁৰ চৰকাৰে তৃতীয় কাৰ্যকালত তিনিগুণ অধিক শক্তি আৰু গতিৰে কাম কৰি তিনিগুণ সফলতা লাভ কৰিব। কংগ্ৰেছক কটাক্ষ কৰি শ্ৰীমোদীয়ে কয় যে দেশবাসীয়ে দলটোক বিৰো...

June 28, 2024 7:40 PM

views 27

নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল'গান দিবলৈ ধৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে শিক্ষার্থীসকলক এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বাৰ্তা...

June 25, 2024 8:44 PM

views 1

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হৈছে

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হোৱাৰ ফলত এইবাৰ নিম্নসদন জ্ঞান আৰু অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, বাসৱ ৰাজ বুম্মাই, শিৱৰাজ সিং সৌহান, মনোহৰ লাল, এইচ ডি কুমাৰাস্বামীকে ধৰি কেইবাগৰাকীও প্রাক্তন মুখ্যমন্ত্ৰী এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন কেইবাগৰাকীও প্রাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা যু...

June 18, 2024 8:22 PM

views 46

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰ...

June 15, 2024 2:21 PM

views 24

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন ২৪ জুনৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিনে ৰিজিজুৱে সংসদৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চৰকাৰ আগ্রহী বুলি প্ৰকাশ কৰিছে। প্ৰথম অধিৱেশনৰ গুৰুত্বত আলোকপাত কৰি শ্ৰী ৰিজিজুৱে কয় যে, এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ, অধ্যক্ষৰ নিৰ্বাচন আৰু সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ নিয়ম আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰী ৰিজিজুৱে আশা প্রকাশ কৰে যে, সকলো নৱনিৰ্বাচিত সদস্যই ভাৰতীয় সংসদৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰ...

June 14, 2024 5:01 PM

views 21

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনাও অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। সংসদৰ অধিবেশন ৩ জুলাইত সামৰণি পৰিব৷

June 12, 2024 2:10 PM

views 18

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিকে ধৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে তেওঁলোকৰ নেতা নির্বাচন কৰিলে আৰু এতিয়া দেশৰ সেৱা কৰাটোৱে হৈছে আমাৰ কৰ্তব্য। তেওঁ লগতে কয় যে, সংসদ হৈছে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰ্ণ কৰাৰ বাবে আলোচনা, সমালোচনা তথা বিত...