July 1, 2024 9:07 PM July 1, 2024 9:07 PM
10
লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে দুয়োখন সদনত আলোচনা
সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লোকসভাত বিজেপি সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত ১০ বছৰত জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্থান কৰা হৈছে আৰু চৰকাৰে ৮০ কোটি লোকক প্ৰধানমন্ত্ৰী গৰীৰ কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া খাদ্য-শস্যৰ যোগান ধৰিছে। পূৰ্বৰ ইউ পি এ চৰকাৰৰ বিষয়ে উল্লেখ ক...