November 25, 2024 11:45 AM

views 14

সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনাৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনা সমূহৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীবিৰলাই সাংসদসকলে ইতিবাচক আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, সংৰক্ষণৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবিৰলাই কয়, যে ৰাজনৈতিক দলসমূহে এই ক্ষেত্ৰত অভিযোগ-প্রতিঅভিযোগ তোলে যদিও কোনো চৰকাৰে কেতিয়াও সংৰক্ষণৰ ক্ষেত্ৰত ভেদ-ভাব কৰাৰ চেষ্টা কৰা নাই। তেওঁ উল্লেখ কৰে যে, প্রধানমন্ত্ৰী ...