May 7, 2024 12:32 PM

views 41

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে, ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮...

May 7, 2024 12:13 PM

views 26

ৰাজ্যত প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

♦ ৰাজ্যত আজি প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে অসমৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ইতিমধ্যে ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ ৩০০ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰত পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। তদুপৰি ৫,২৬৬ টা ভোটক...

May 6, 2024 2:18 PM

views 26

গৃহ মন্ত্ৰী অমিত শ্বাহে বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব

♦ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব। শ্ৰী শ্বাহে আজি বিয়লি উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ নাৰঘঘিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়াৰপুৰ আসনখনৰ বাবে প্রাক্তন মন্ত্ৰী আলোক কুমাৰ মেহতাক প্রার্থিত্ব প্ৰদান কৰা হৈছে। আৰ জে ডিৰ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী য়াদৱেও আজি চাৰণ আৰু চিৱান সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব।

May 6, 2024 1:46 PM

views 35

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। ভোটগ্রহণ হ'বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ জিলাত ৫ নম্বৰ গুৱাহাটী আৰু ৩ নম্বৰ বৰপেটা লোকসবা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই কালি বিয়লি ৫ বজাৰ পৰা ৭ মে'ৰ বিয...

May 6, 2024 1:43 PM

views 34

ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ হ’বলগীয়া সমষ্টিসমূহত কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ‍ কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে, ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 6, 2024 1:41 PM

views 31

কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬ টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ

♦ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটাৰসকলে যাতে অতি সহজে ভোটকেন্দ্র চিনাক্ত কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ০৩৬১-৪০৮৪৯৭৫ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। স্থানান্তৰ কৰা ভোটকেন্দ্ৰসমূহৰ ভোটাৰসকলে যিকোনো অসুবিধাৰ সন্মুখীন হ'লেই ...

May 6, 2024 1:38 PM

views 34

নির্বাচনী আচৰণ বিধি উলংঘা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ নিৰ্বাচন আয়োগৰ আহ্বান

♦ দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে।

May 6, 2024 12:07 PM

views 42

অযোধ্যাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অযোধ্যাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সুগ্ৰীৱ কিলাৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰামলালাৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে। Read More :  নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী  কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰা হ’ব  চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ  চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প...

May 6, 2024 11:54 AM

views 33

নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কালি নিশা ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। তাত তেওঁ দলৰ লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। প্রধানমন্ত্ৰীয়ে কালি ওড়িশাৰ ৰাজভৱনত নৈশ যাপন কৰে। বিজেপিৰ নেতা-কৰ্মী তথা অন্যান্য লোকসকলে তেওঁক বিমান বন্দৰত আদৰণি জনায়। শ্ৰীমোদীয়ে আজি ৰাজ্যখনৰ গঞ্জম জিলাৰ গোপালপুৰ বিধানসভা সমষ্টিৰ অধীনৰ কানিচিত এখন জনসভাক সম্বোধন কৰিব। তেওঁ লগতে নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত আন এখন সভাত অংশ ল'ব। লোকসভা আৰু বিধানসভা নিৰ...

May 4, 2024 12:39 PM

views 30

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত অন্তৰ্গত সমষ্টিসমূহত বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ ৭ মে' বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে, ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্ৰকাশ কৰে।