May 7, 2024 12:32 PM May 7, 2024 12:32 PM
20
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে, ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮...