May 25, 2024 6:14 PM

views 30

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত ৭০ শতাংশ, ঝাৰখণ্ডত ৫৪ শতাংশ, উত্তৰ প্ৰদেশত ৪৪ শতাংশ, হাৰিয়ানাত ৪৬ শতাংশ, বিহাৰত ৪৫ শতাংশ, জম্মু কাশ্মীৰত ...

May 25, 2024 5:32 PM

views 32

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰানসীত আজি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্...

May 25, 2024 4:57 PM

views 29

ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, ভোটাধিকাৰ এটা দায়িত্ব আৰু ক্ষমতা। Read Now : ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল, সক্ৰিয় আৰু ফলদায়ক গণতন্ত্ৰ বুলিও তেওঁ লগতে কয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, হৰদ্বীপ পুৰ...

May 18, 2024 10:11 PM

views 15

২০ মে’ত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৪৯টা সমষ্টিত ভোটগ্রহণ

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰে। এই পৰ্যায়ত অহা ২০ মে'ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। পঞ্চম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণিৰ প্ৰাকক্ষণত আজি ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ অন্তিম প্রয়াসত ব্ৰতী হয়। আনহাতে, দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। ষষ্ঠ পৰ্যায়ত ২৫ মে'ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হা...

May 17, 2024 6:33 PM

views 24

লোকসভা নিৰ্বাচনৰ পঞ্চম পর্যায়ত অহা ২০ মে’ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পঞ্চম পর্যায়ত অহা ২০ মে’ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত ২৫ মে'ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ লৈছে। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচনী সভাত অংশগ...

May 17, 2024 5:38 PM

views 23

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলাইছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত ২৫ মে'ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ লয়। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচ...

May 11, 2024 8:19 PM

views 31

বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ কেজৰিৱালৰ

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালে আজি বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীকেজৰিৱালে কয় যে, বিজেপিয়ে নানা ভুৱা অভিযোগেৰে আম আদমী পার্টিক চূৰ্ণ কৰিব বিচাৰিছে, কিন্তু এয়া সম্ভৱ নহয় কাৰণ আম আদমী পাৰ্টি কেৱল এটা ৰাজনৈতিক দল নহয় বৰং ই এটা আদর্শবাদ। নতুন দিল্লীত এখন সংবাদমেলত কেজৰিৱালে কেন্দ্ৰত আই এন ডি আই মিত্ৰজোটে পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু আপ চৰকাৰৰ অংশ হ'ব আস্থা ব্যক্ত কৰে। ইয়াৰ লগতে তেওঁ বিজেপিক কলংকিত আৰু দুৰ্নীতিগ্ৰস্ত নেতাক দলত অন্...

May 11, 2024 8:17 PM

views 18

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ভিতৰত প্ৰায় ৬৬.৮৯ শতাংশ মহিলা, ৬৪.৪১ শতাংশ পুৰুষ আৰু ২৫.০২ শতাংশ তৃতীয় লিংগৰ ভোটাৰ আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত অসমত সর্বাধিক ৮৫.৩৪ শতাংশ মহিলা ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই ক্ষেত্ৰত ৮৩.০১ শতাংশ ভোটদানেৰে পশ্চিমবংগ দ্বিতীয় স্থানত থাকে। উত্তৰ প্ৰদেশত আটাইতকৈ কম সংখ্যক মহিলা ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত মহিলা ভোটদাতাৰ ভোটদানৰ হাৰ ৫...

May 11, 2024 8:30 PM

views 20

সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

♦লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ বৰগঢ়ত এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে, কংগ্ৰেছে দেশৰ সংবিধান সলনি কৰিব বিচাৰে। কংগ্ৰেছে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্...

May 11, 2024 7:54 PM

views 26

প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰ সৰ্বমুঠ ভোটদানৰ হাৰ প্ৰকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত মল্লিকার্জুন খাৰ্গেৰ আপত্তি

কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেই প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰ সৰ্বমুঠ ভোটদানৰ হাৰ প্ৰকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত আপত্তি দর্শাইছে। নির্বাচন আয়োগলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্রীখাগেই ভোটদানৰ হাৰ সন্দৰ্ভত প্ৰকৃত তথ্য নিৰপেক্ষভাৱে ৰাজহুৱা কৰিবলৈ আয়োগক আহ্বান জনায়। তেওঁ কয় যে, নির্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত বহু ভোটদাতাই ভোটদানৰ প্ৰকৃত হাৰ সন্দৰ্ভত জানিবলৈ আগ্রহী। শ্রীখাৰ্গেৰ লগতে শাসনাধিস্থিত দলৰ কেইবগৰাকীও নেতাই নির্বাচনী প্রক্রিয়া চলি থকাৰ সময়তে কৰা সাম্প্ৰদায়িক আ...