May 3, 2024 11:25 AM

views 23

ৰাজ্যত তৃতীয় পৰ্যায়ত ৭ মে’ত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব

◊ ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মেত হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯ হাজাৰ ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধইকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। Read More : লোকসভা নিৰ্বাচনৰ ...

May 3, 2024 11:13 AM

views 19

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।

May 2, 2024 1:01 PM

views 28

চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাচকাৰ দিছা আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত কালি নির্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাচকাঠাত নিৰ্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্...

May 2, 2024 12:26 PM

views 19

তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সং...

May 2, 2024 11:08 AM

views 26

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্রীগোৱেলে তদাৰকী বিভাগক নির্বাচনী বিধি উলংঘাৰ যিকোনো অভ...

April 20, 2024 12:37 PM

views 26

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচনত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ৬৮ শতাংশৰো অধিক ভোটদান

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচন কালি দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন হয়। ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৮ শতাংশৰো অধিক ভোটদান হয়। শেহতীয়া তথ্য অনুসৰি অসমত ৭৫.৯৫, মণিপুৰত ৭২.১৭, ছিকিমত ৮০.০৩ বিহাৰত ৪৮.৮৮, ছত্তিশগড়ত ৬৭.৫৬, উত্তৰ প্রদেশত ৬০. ২৫, মহাৰাষ্ট্ৰত ৬১.৮৮, ৰাজস্থানত ৫৭.২৫, অৰুণাচল প্ৰদেশত ৭২.৭৪, মেঘালয়ত ৭৪.৫০, মিজোৰামত ৫৬.৬০, নাগালেণ্ডত ৫৬.৯১, ত্ৰিপুৰাত ৮১.৬২ আৰু পশ্চিম বংগত ৮০.৫৫ শতাংশ ভো...

April 5, 2024 8:47 PM

views 25

কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত বিজেপিৰ

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে ভোটদাতাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই ইস্তাহাৰ যুগুতাই উলিওৱা হৈছে। কংগ্ৰেছে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। শ্ৰী ত্রিবেদীয়ে কয় যে কংগ্ৰেছে ইস্তাহাৰখনৰ জল ব্যৱস্থাপনা বিষয়ক পৃষ্ঠাত নিউয়ৰ্কৰ বাফেলো...

April 5, 2024 8:08 PM

views 58

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে। দুয়োটা দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ লব লাগিব বুলি নির্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নির্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশ প্রদান কৰিছে। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত হবলগীয়া নিৰ্বাচন...

April 5, 2024 8:05 PM

views 66

কৰিমগঞ্জত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ অধিসূচনা

কৰিমগঞ্জ জিলাত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা অধিসূচনা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ভোটাৰসকল ১৪ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বেলট পেপাৰ কেন্দ্ৰৰ পৰা পোষ্টেল বেলট সংগ্ৰহ কৰি ভোট দিবলৈ আহ্বান জনোৱা হৈছে।

April 5, 2024 7:55 PM

views 37

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত লোকনির্ণয়-২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।