May 11, 2024 12:28 PM

views 19

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ১,৩৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ ৯৩টা সমষ্টিত ৬৪.৫৭ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭১ শতাংশ, বিহাৰত ৫৮.১৮ শতাংশ, ছত্তিশগড়ত প্রায় ৭১ শতাংশ, দাদা-নগৰ হাভেলি আৰু দমন-দিউত ৬৯.৮৭ শতাংশ, গুজৰাটত ৫৯.৫৯ শতাংশ, কর্ণাটকত ৭০.৪১ শতাংশ, গোৱাত ৭৫.২০ শতাংশ, মধ্যপ্রদেশত ৬৬.০৩ শতাংশ, মহাৰাষ্ট্ৰত ৬১.৪৪ শতাংশ, উত্তৰ প...

May 11, 2024 12:29 PM

views 29

ৰাজ্যত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে, ভোটগ্রহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধ...

May 7, 2024 8:23 PM

views 17

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনৰ অহা ১ জুনত হ'বলগীয়া সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। মনোনয়ন পত্ৰসমূহ ১৫ মে'ত পৰীক্ষা কৰ...

May 7, 2024 8:14 PM

views 29

দেশৰ ৯৩ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত শান্তিপূর্ণভাৱে ভোটগ্রহণ

দেশৰ ১০ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ মুঠ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ হৈছে। শান্তিপূর্ণভাৱে চলা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছত্তিশগড় ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্রীয় শাসিত দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্ৰহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি তৃত...

May 7, 2024 2:42 PM

views 19

গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত

লোকসভা নিৰ্বাচনৰ লগতে আজি গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটত বিজাপুৰ, খামৱাত, মানাভাদাৰ, পোৰবন্দৰ আৰু ভাগডিয়া বিধানসভা সমষ্টিত ভোটগ্রহণ চলি আছে। আনহাতে, কৰ্ণাটকৰ চোড়াপুৰ আৰু পশ্চিমবংগৰ ভগৱানগোলা বিধানসভা সমষ্টিতো ভোটগ্রহণ চলি আছে।

May 7, 2024 2:39 PM

views 32

ৰাজ্যত ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ কৰা হৈছে। প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত চাৰিওটা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ আৰম্ভ হয়। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যৰ ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে ৰাজ্যখনৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ ৩০০ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ...

May 7, 2024 2:37 PM

views 19

দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ চলি আছে

♦দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। শান্তিপূর্ণভাৱে চলি থকা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদা-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্রহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত দিনৰ এক...

May 7, 2024 12:52 PM

views 29

১১ মে’ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

♦ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে'ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ধৰি বিভিন্ন আপোচযোগ্য গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ লেন দেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাছুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ...

May 7, 2024 12:40 PM

views 27

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। ১ জুনত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

May 7, 2024 12:27 PM

views 33

পুৱা প্ৰায় ৭.৩০ বজাত প্রধানমন্ত্ৰী মোদীৰ ভোটাধিকাৰ সাব্যস্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত পুৱা প্ৰায় ৭.৩০ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটোৰ সাধাৰণ ভোটদাতাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ প্ৰাৰ্থী তথা গৃহমন্ত্ৰী শ্বাহৰ সৈতে সাধাৰণ লোকৰ শুভেচ্ছাও গ্রহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে, ভোটদান মহত্বপূৰ্ণ দান আৰু ভাৰতৰ...