April 4, 2024 12:26 PM April 4, 2024 12:26 PM
19
ৰাজ্যত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত
♦ সমাগত লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত কালি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকিয়াজুলিত প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈকে সকলোকে আহ্বান জনায়। আনহা...