April 5, 2024 6:53 PM April 5, 2024 6:53 PM
26
অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এই পৰ্যায়ত ৫ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ বিধায়ক দুর্গাদাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে।