April 19, 2024 8:52 PM

views 19

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি দেশৰ ২১ খন ৰাজ্যৰ ১০২ খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও উল্লেখযোগ্য ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী হৈছে। ইয়াৰে ভিতৰত নাগপুৰ লোকসভা সমষ্টিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, ডিব্ৰুগড় লোকসভা সমষ্টিত সর্বানন্দ সোণোৱাল, পশ্চিম অৰুণাচল লোকসভা সমষ্টিত কিৰে‍ণ ৰিজিজু, বিকানেৰ লোকসভা সমষ্টিত অর্জুন ৰাম মেঘৱাল, হৰিদ্বাৰত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্রিবেন্দ্র সিং ৰাৱটি, পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিত বিপ্লৱ কুমাৰ দেৱ, নাইনিতাল-উধমসিং নগৰ লোকসভা ...

April 19, 2024 8:29 PM

views 36

অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, মণিপুৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি

অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত আজি লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাদে প্রায় নিয়াৰিকৈ সম্পন্ন হয়। অৱশ্যে মণিপুৰৰ কেইটামান ভোটকেন্দ্ৰত কিছু অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ভোটগ্রহণ ব্যাহত হয়। ৰাজ্যখনত সামগ্রিকভাৱে বিয়লি ৫ বজাপর্যন্ত ৬৮ দশমিক ৪-৭ শতাংশ ভোটদাতাই ভোটদান কৰে। ইপিনে, নাগালেণ্ডত প্রায় ৫৬ শতাংশ, অৰুণাচল প্ৰদেশত প্ৰায় ৬৪ শতাংশ,  মেঘালয়ত প্রায় ৭০ শতাংশ, মিজোৰামত ৫২ শতাংশৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। ইপিনে, ছিক...

April 19, 2024 5:57 PM

views 27

মধ্য প্ৰদেশত ৰাজনৈতিক দলসমূহৰ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ

মধ্য প্ৰদেশত ৰাজনৈতিক দল সমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপি, কংগ্ৰেছ, বি এছ পি, এছ পি আৰু নিৰ্দলীয় প্রার্থীসকল নির্বাচনী প্ৰচাৰত নামি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যখনৰ দামোহ জিলাত উপস্থিত হ'ব। শ্রী মোদীয়ে ইমলাই গাঁও খেলপথাৰত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে খাজুৰাহো আৰু নমদাপুৰৰ্মত প্ৰচাৰ চলাব। খাজুৰাহো, দামোহ আৰু পান্নাত মধ্যপ্রদেশ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণুদত্ত শৰ্মা, মেইহাৰ, চাতনা, বীৰ সিংপুৰত কৈলাস বিজয়বর্...

April 19, 2024 5:55 PM

views 22

কেৰালাত লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় নেতাসকলৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ

কেৰালাত লোকসভা নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত ৰাষ্ট্ৰীয় নেতাসকলে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই ৱায়ানাড, পালাক্কাড়, কোট্টয়াম আৰু তিৰুৱনন্তপুৰম জিলাত নির্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে চালাকুড়ি, পাঠানামথিত্তা আৰু তিৰুৱনন্তপুৰম সমষ্টিৰ ইউ ডি এফ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। ইফালে চি পি এমৰ পলিত ব্যুৰ’ৰ সদস্য সুভাষিনী আলীয়ে আজি এল ডি এফৰ হৈ প্ৰচাৰ চলাব। মুখ্যমন্ত্রী পিনাৰায়ী বিজয়ানে আজি ক'ৰিকড় সমষ্টিত প্ৰচাৰ চলাব।

April 15, 2024 9:19 PM

views 35

 নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধৰ উপৰি নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্র ৩ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্ৰিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত নিৰ্বাচনী পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰ...

April 15, 2024 9:07 PM

views 22

কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা । তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অং...

April 15, 2024 9:01 PM

views 29

লোকসভা নিৰ্বাচনত নিৰাপত্তা আৰু অন্যান্য দিশ সূক্ষ্মভাৱে তদাৰকৰ বাবে নিৰ্বাচন আয়োগৰ নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সূক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অৰ্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হব। তদুপৰি ই ভি এম সমূ...

April 15, 2024 8:47 PM

views 29

১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত অসমৰ ৫ খন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব । উল্লেখযোগ্য যে, সংশোধিত চূড়ান্ত ভোটদাতা তালিকা অনুসৰি অসমত ২ কোটি ৪৩ লাখতকৈ অধিক ভোটদাতা আছে। ইয়াৰে ১ কোটি ২১ লাখ ৭৯ হাজাৰতকৈ অধিক পুৰুষ আৰু ১ কোটি ২১ লাখতকৈ অধিক মহিলা ভোটদাতা। তদুপৰি ৪১৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰতকৈ অধিক নতুন ভোটদাতা আছে। ...

April 15, 2024 8:15 PM

views 24

তামিলনাডুৰ তিৰুনেলভেলীত নিৰ্বাচনী প্ৰচাৰত প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে দেশৰ বিকাশৰ বাবে প্ৰয়াস চলাই আহিছে। তামিলনাডুৰ তিৰুনেলভেলীত আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে বিজেপি চৰকাৰে দিয়া বিভিন্ন আশ্বাস সন্দৰ্ভত আলোকপাত কৰে। ডি এম কে আৰু কংগ্ৰেছে ড্ৰাগছ আৰু দুৰ্নীতিক প্রশ্রয় দি আহিছে বুলি তেওঁ অভিযোগ কৰে। সেয়েহে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰত ৰখাৰ বাবে জনসাধাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি তেওঁ লগতে মন্তব্য কৰে।

April 15, 2024 7:12 PM

views 31

নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। বিমান বন্দৰৰ পৰা পোনে পোনে তেওঁ কইনাধৰালৈ ৰাওনা হ'ব। শ্ৰী মোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ...