June 18, 2024 8:22 PM

views 48

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰ...

June 13, 2024 4:38 PM

views 24

পেমা খাণ্ডু তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

অৰুণাচল প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জি খান্দু অভিৱৰ্তন কেন্দ্ৰত আজি একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। শ্ৰী খাণ্ডুৰ লগতে আন ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পানায়কে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৷ পি ডি চৌনা, ৱাংকি লৱাঙকে ধৰি অন্যান্য ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰস...

June 12, 2024 12:29 PM

views 46

অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে শপত গ্ৰহণ কৰিব

তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই উপলক্ষে দিনৰ ১১ বাজি ২৭ মিনিটত বিজয়ৱাড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপৰ কেশৰপল্লী আই টি উদ্যানত শপত গ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে শ্রীনাইডুৱে কালি ৰাজ্যপাল এছ আব্দুল নজিৰক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী জনায়। ৰাজ্যপালে শ্রীনাইডুক এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপ...

June 8, 2024 2:54 PM

views 26

সোমবাৰে ওড়িশাত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে দিল্লীত দলৰ সংসদীয় পৰিষদে ওড়িশাৰ নতুন মুখ্যমন্ত্রী নির্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈ...

June 8, 2024 2:46 PM

views 18

প্রধানমন্ত্ৰী মোদীক অভিনন্দন টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কৰ

টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীৰ অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনায়।

June 8, 2024 2:45 PM

views 23

দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

নতুন দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি দলীয় নেতাসকল উপস্থিত আছে। শেহতীয়া লোকসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শনক লৈ আলোচনা কৰাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। ৱাৰ্কিং কমিটিৰ বৈঠকৰ পাছত আজি সন্ধিয়া কংগ্ৰেছ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হ'ব। দলৰ নৱনিৰ্বাচিত লোকসভাৰ সাংসদসকলৰ লগতে ৰাজ্যসভাৰ সাংসদসকলো এই বৈঠকত উপস্থিত থাকিব।

June 8, 2024 2:38 PM

views 19

দিল্লী অভিমুখে ৰাওনা বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। তেওঁ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব ল'বলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। শ্রীমতী হাছিনাই কাইলৈ সন্ধিয়া ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আয়োজন কৰা ভোজমেলতো অংশগ্ৰহণ কৰিব। শ্ৰী মোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীক টেলিফোন যোগে আমন্ত্রণ জনাইছিল। শ্বেইখ হাছিনাই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা...

June 8, 2024 2:35 PM

views 18

প্রধানমন্ত্রী মোদীয়ে দেশক সমৃদ্ধিশালী আৰু মহা শক্তিৰূপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছেঃ নীতিন গাডকাৰী

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে তদর্থ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰত এখন নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি ভৱনত কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত প্রধানমন্ত্ৰী তথা নতুন চৰকাৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব । প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ইয়াৰ পূৰ্বে বিজে...

June 8, 2024 1:59 PM

views 30

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত শ্ৰী বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে...

June 8, 2024 1:30 PM

views 22

বুধবাৰে এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব

তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। বিজয়ৱাড়াৰ সমীপত আয়োজিত শপতগ্রহণ অনুষ্ঠানত এন ডি এৰ ভালে কেইগৰাকী জ্যেষ্ঠ নেতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল তেলেগু দেশম পার্টি, জনসেনা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ১৭৫ খন আসনৰ ভিতৰত ১৬৪ খনতে জয় লাভ কৰিছে।