May 21, 2024 11:21 AM

views 15

জম্মু-কাশ্মীৰৰ বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক উপ-ৰাজ্যপাল মনোজ সিনহাৰ অভিনন্দন

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীসিনহাই কয় যে, সমষ্টিটোত ৫৮ শতাংশতকৈ অধিক ভোটদানৰ হাৰ অতিশয় উৎসাহজনক আৰু ই গণতন্ত্ৰত জনসাধাৰণৰ আস্থাক প্ৰতিফলিত কৰে। তেওঁ গণতন্ত্ৰৰ এই মহাকুম্ভত যোগদান কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জনায়। উপ-ৰাজ্যপালগৰাকীয়ে ২৫ মে’ত অনন্তনাগ-ৰাজৌৰি লোকসভা সমষ্টিৰ বাবে হ'বলগীয়া নির্বাচনতো জনসাধাৰণে একেধৰণে সঁহাৰি দিব বুলি আশা প্রকাশ ক...

May 21, 2024 11:17 AM

views 24

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত সামগ্রিকভাৱে ৬০ শতাংশতকৈ অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। এই পর্যায়ত নিশা চাৰে ১০ বজা পর্যন্ত সামগ্রিকভাৱে ৬০ শতাংশতকৈ অধিক ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। কালি দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ওড়িশা আৰু বিহাৰৰ ৫টাকৈ, ঝাৰখণ্ডৰ তিনিটা আৰু জম্মু- কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত ৬৯৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। জম্ম...

May 20, 2024 9:04 PM

views 18

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি, বিয়লি ৫ বজালৈ সামগ্ৰিকভাৱে ৫৬.৬৮ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ আজি সন্ধিয়া ৬ বজাত সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিয়লি ৫ বজালৈকে সামগ্রিকভাৱে ৫৬ দশমিক ৬-৮ শতাংশ ভোটদান সম্পন্ন হয়। উত্তৰ প্ৰদেশত প্ৰায় ৫৬ শতাংশ, মহাৰাষ্ট্ৰত ৪৯, পশ্চিমবঙ্গত ৭৩, ওড়িশাত ৬১ আৰু বিহাৰত ৫২, ঝাৰখণ্ডত ৬২ আৰু জম্মু-কাশ্মীৰ তথা লাডাখত ৫৪ শতাংশ ভোটদান সম্পন্ন হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১...