May 30, 2024 2:40 PM May 30, 2024 2:40 PM
25
লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন
লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পর্যায়ত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত শাসক-বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জন...