February 4, 2025 6:26 PM

views 17

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেখ যাদৱে কয়, যে দেশৰ অযুত সম্পদ আৰু অপাৰ সম্ভাৱনা থকা স্বত্বেও ইয়াৰ সদ্ব্যৱহাৰ হোৱা নাই। তেওঁ কয়, যে বর্তমান চৰকাৰে দেশৰ আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দাবী কৰিছে যদিও চৰকাৰ জনসাধাৰণে বিচৰা অনুসৰি উন্নয়নত ব্যৰ্থ হৈছে। শ্ৰী যাদবে প্রয়াগৰাজৰ মহাকুম্ভৰ দুৰ্ঘটনাৰ কথা উল্লেখ কৰি উত্তৰ প্ৰদেশ চৰকাৰ প্ৰয়াগৰাজৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে।