December 14, 2024 8:01 PM

views 31

আজি ৰাষ্ট্ৰীয় লোক আদালতত কামৰূপ মহানগৰ জিলাৰ ৪,৪৫৬টা গোচৰ নিষ্পত্তি

জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় লোক আদালত কামৰূপ মহানগৰ জিলাৰ ৪ খন আদালতত চলি থকা দেৱানী, ফৌজাদাৰী, পাৰিবাৰিককে ধৰি অন্যান্য ২৫ হাজাৰ ৯৮২ টা গোচৰৰ ৪ হাজাৰ ৪৫৬ টা গোচৰ নিষ্পত্তি কৰা হয়। ধুবুৰী জিলা ন্যায়িক আদালতত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত ৰাষ্ট্ৰীয় লোক আদালতত বেংক ঋণ আৰু বিদ্যুৎ বিল আদায়কে ধৰি এহেজাৰ ৯৫০ টা গোচৰ নিষ্পত্তি কৰা হয়। গোচৰ নিষ্পত্তিৰ জৰিয়তে ২ কোটি ৮৩ লাখ ৫০ হাজাৰ ৫৫৩ টকা সংগ্ৰহ কৰা হয়। ইপিনে, মাজুলী জিলাত আইন...

September 3, 2024 7:02 PM

views 23

১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালৰ প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালত প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই বিশেষ লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লোক আদালতৰ বিশেষত্ব হৈছে খৰতকীয়াকৈ গোচৰ নিষ্পত্তি কৰা। দেৱানী গোচৰৰ বাবে আদালতত পৰিশোধ কৰা মাচুল উভতাই দিয়া হয় আৰু আপিলৰ ব্যৱস্থা নাথাকে। সেয়েহে সংশ্লিষ্ট ব্যক্তিসকলে আগতীয়াকৈ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ লগতে লোক আদালতৰ দিনা সমাধান কৰিব পাৰিব।

August 3, 2024 2:22 PM

views 25

সর্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন

সর্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন। জনসাধাৰণক সৰল আৰু খৰতকীয়াকৈ ন্যায় প্ৰদানৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। লোক আদালতে খৰতকীয়াকৈ সুলভ আৰু ফলপ্ৰসু ন্যায় প্রদান কৰে। অনুষ্ঠানত ভাষণ দি আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে, এইবাৰৰ লোক আদালতৰ জৰিয়তে এহেজাৰতকৈও অধিক গোচৰ নিষ্পত্তি কৰা হয়। এই আদালতৰ জৰিয়তে দেৱানী, ভূমি অধিগ্ৰহণ আৰু বিবাহ সংক্রান্তীয় গোচৰসমূহ বিশে...

July 29, 2024 6:32 PM

views 30

উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমিলমিলেৰে সমাধান কৰাৰ এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোকআদালতসমূহক ন্যায় লাভৰ বাবে দক...

June 27, 2024 6:49 PM

views 32

নগাঁৱত অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভিন্ন ৰাজ্যৰ লগতে অসমৰ নগাঁৱতো অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত হ’ব। ৬ দিনীয়াকৈ আয়োজন কৰা বিশেষ লোক আদালতত দ্রুত আপোচ আৰু বিবাদ নিষ্পত্তি, চূড়ান্ত আৰু কাৰ্যকৰী নিষ্পত্তি, কম খৰচত বিবাদ নিষ্পত্তি, আদালতৰ মাচুল ঘূৰাই দিয়া আদি বিষয়সমূহত গুৰুত্ব দিয়া হ’ব। এই সন্দৰ্ভত সবিশেষ তথ্য উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত উপলভ্য কৰা হ'ব।

June 18, 2024 8:05 PM

views 25

বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বৰ্ষৰ লগত সংগতি ৰাখি এই লোক আদালতৰ আয়োজন কৰা হৈছে।

May 12, 2024 12:00 PM

views 32

চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত ৭৬৮টা গোচৰ নিষ্পত্তি

চিৰাং জিলাৰ কাজলগাঁৱত অৱস্থিত জিলা ন্যায়িক আদালত চৌহদ আৰু বিজনী ন্যায়িক আদালত চৌহদত কালি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আৰু চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সম্পন্ন হোৱা এই লোক আদালতত- ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ, টেলিফোন বিল, বিদ্যুৎ মাচুল, আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে আৰু খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হয় ৷ জিলাখনৰ আইন প্ৰাধিকাৰীয়ে জনোৱা অ...

May 10, 2024 11:44 AM

views 25

জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান-বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ধৰি বিভিন্ন আপোচযোগ্য গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ লেন-দেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ...